‘হীৰুদা’ নামেৰে জনপ্ৰিয়তাৰ শীৰ্ষলৈ আৰোহণ কৰা কবি হীৰেন ভট্টাচাৰ্যৰ বিয়োগত আমাৰ সমাজখনে হেৰুৱালে অসাধাৰণ সৃজন ক্ষমতা আৰু অনুকৰণীয় ব্যক্তিত্বৰে প্ৰোজ্জ্বল এক পুৰোধা পুৰুষক। আৰু মোৰ দৰে তেখেতৰ প্ৰায় সমসাময়িক কিছুমান সহমৰ্মী সহচৰে হেৰুৱালোঁ এক দৰদী বন্ধুক।
মোৰ নিজৰ কথাৰে কওঁ। হীৰেন ভট্টাচাৰ্যৰ লগত মোৰ সম্পৰ্ক আছিল পাঁচ দশকৰো অধিক কাল জোৰা। আৰু সেই সম্পৰ্কৰ আছিল বিভিন্ন আৰু বিচিত্ৰ দিশ। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল গীত আৰু কবিতাৰ লগত জড়িত। এইটো ক্ষেত্ৰত আমি দুয়ো আছিলোঁ পৰস্পৰৰ অনুৰাগী আৰু ৰসগ্ৰাসী। আকৌ ইয়াৰ ভিতৰদিয়েই বৈ আছিল হাঁহি-কৌতুকৰ এটি জীৱন্ত স্ৰোত।
হীৰেন ভট্টাচাৰ্যই কাব্যৰ পথাৰত প্ৰথম খোজ পেলাইছিল গানৰ– অৰ্থাৎ গীতি-কবিতাৰ আলিয়েদি। কবি হিচাপে তেখেতে প্ৰসিদ্ধি লাভ কৰে কিছু পিছত এক কঠোৰ অনুশীলনৰ মাজেদি পাৰ হৈ। আচলতে হীৰেন ভট্টাচাৰ্য বৰ গান-আকলুৱা মানুহ আছিল। তেওঁ আছিল সঁচা অৰ্থত গানৰ ৰসিক আৰু ৰসজ্ঞ শ্ৰোতা।
মই এই লেখাৰ আৰম্ভণিতে উল্লেখ কৰা প্ৰসংগবোৰৰ লগত সংগতি থকা কেইটামান ঘটনাৰ বিৱৰণী এইখিনিতে উদাহৰণ স্বৰূপে দাঙি ধৰিব খুজিছোঁ।
প্ৰথমটো উদাহৰণ। ১৯৯৫ চনৰ মাজভাগৰ পৰা ১৯৯৯ চনৰ আৰম্ভণিলৈকে মই তেজপুৰ বিশ্ববিদ্যালয়ত আছিলোঁ এটা নতুন বিভাগৰ পৰিকল্পনা আৰু ৰূপদানৰ দায়িত্ব লৈ। খুব সম্ভৱ ১৯৯৭ বা ৯৮ চনত এদিন হঠাৎ হীৰেন ভট্ট তেজপুৰত মোৰ বিভাগত উপস্থিত হ’লগৈ এটা বিশেষ অনুৰোধ লৈ। তেখেতৰ কিছু নিৰ্ধাৰিত কবিতাৰ আবৃত্তি-সম্বলিত এটা শ্ৰব্য কেছেটৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছে। সেই কেছেটৰ আৰম্ভণি আৰু সামৰণিত সন্নিবিষ্ট কৰিবলৈ তেখেতে ৰচনা কৰা আৰু মই সুৰ দি গোৱা দুটা গীত মই গাই দিব লাগে। গুৱাহাটীত ষ্টুডিঅ’ আৰু ৰেকৰ্ডিঙৰ দিন-বাৰ ইতিমধ্যে ঠিক কৰা হৈ গৈছে। মই বিপাঙত পৰিলোঁ, কোনো অভ্যাস নকৰাকৈ হঠাৎ গুৱাহাটীলৈ গৈ গীত ৰেকৰ্ডিং কৰাটো জানো উচিত হ’ব? কিন্তু বন্ধুৰ ঐকান্তিক আগ্ৰহত সঁহাৰি নিদিয়াটোও জানো সম্ভৱ হ’ব? মই নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট স্থানত গীত ৰেকৰ্ডিঙৰ কাৰণে উপস্থিত হ’লোঁ আৰু ন্যুনতম আখৰাৰ পিছত গীত ৰেকৰ্ডিং কৰিলোঁ। ষ্টুডিঅ’ৰ ভিতৰত পৰম উৎকণ্ঠাৰ মাজতো মই অনুভৱ কৰিছিলোঁ এক বিৰল সন্তুষ্টি। গীত দুটিৰ প্ৰথমটি আছিল ‘মোৰ সোণৰ সোলেং অ’ আৰু দ্বিতীয়টো ‘সাতোখন সুৰীয়া নৈ’।
মই দিব খোজা দ্বিতীয়টো উদাহৰণৰ ঘটনা-কাল তাৰো আগৰ– ১৯৯০-৯১ মানৰ। মই ভালেমান দিন ৰাজহুৱাকৈ গীত পৰিৱেশন কৰাৰ পৰা আঁতৰি আছিলোঁ। এসময়ত আনকি নিজাকৈ গানৰ অভ্যাস কৰাটোও প্ৰায় নোহোৱা হৈছিল। এনেতে শ্ৰীমান ৰমেন চৌধুৰৰীৰ ঐকান্তিক আগ্ৰহ আৰু অক্লান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে এসময়ত নৱকান্ত বৰুৱাৰ ৰচনাত মোৰ সুৰ আৰু কণ্ঠেৰে জনপ্ৰিয় হোৱা এমুঠি গীতৰ এটি কেছেট প্ৰস্তুত হৈ উঠিল ‘মনৰ খবৰ’ নামেৰে। প্ৰযোজক অৰুণ বৰাই বিশেষভাৱে নিমন্ত্ৰিত শ্ৰোতাক লৈ আয়োজন কৰা এক অনুষ্ঠানত কেছেটত থকা আটাইকেইটা গীত বজাই শুনোৱা হ’ল। শ্ৰোতাসকলৰ উচ্ছ্বসিত আদৰণিৰে অনুষ্ঠানথলী মুখৰ হৈ উঠিল। স্বাভাৱিকতে শ্ৰীমান ৰমেন, অৰুণ বৰা আৰু মই যেন উপলব্ধি কৰিলোঁ : আমি উত্তীৰ্ণ হৈছোঁ। অনুষ্ঠানৰ শেষত আমি ওলাই আহি থাকোঁতে এগৰাকী উৎসাহী শ্ৰোতাই আন্তৰিকতাৰে মোক প্ৰশ্ন কৰিলে : ‘আপুনি এতিয়াও ইমান সুন্দৰকৈ গাব পৰা হৈ আছে, মাজতে গান গোৱা এৰি দিছিল কিয়?’ মই কি উত্তৰ দিম ভাবি থাকোঁতেই ওচৰতে থকা হীৰেন ভট্টই নিজস্ব সপ্ৰতিভ ভংগীত কৈ উঠিল—‘He was not out. He had retired hurt’। সেয়া আছিল ক্ৰিকেট-জগতৰ ভাষা প্ৰয়োগৰ এক তাৎক্ষণিক অথচ বুদ্ধিদীপ্ত প্ৰয়োগ। উক্তিটোৱে হীৰেন ভট্ট মানুহজনৰ কৌতুকপ্ৰিয়তাৰ লগতে ক্ৰিকেটজগতৰ লগত নিবিড় আত্মীয়তাৰ পৰিচয়ো দাঙি ধৰে। হীৰেন ভট্টাচাৰ্য আছিল এজন আগশাৰীৰ ক্ৰিকেট-যোদ্ধা।
কিমান উদাহৰণ দিম? এনে উদাহৰণ মোৰ হাতত ইমানবোৰ জমা হৈ আছে যে সেইবোৰ গোটাই একেলগে লিপিবদ্ধ কৰিলে এখন সৰু-সুৰা কিতাপেই হ’ব।
কৌতুকপ্ৰিয় হীৰেন ভট্টৰ অসাধাৰণ উদ্ভাৱনী ক্ষমতাৰ নিদৰ্শন থকা এটি ঘটনাৰ বিৱৰণীৰে এই লেখাটিৰ মোখনি মাৰিব খুজিছোঁ।
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত এক বিশেষ উপলক্ষত এক কবি সন্মিলন জাতীয় অনুষ্ঠান আয়োজিত হৈছে। তাত কবি হীৰেন ভট্টাচাৰ্যও উপস্থিত আছে। মাজতে বিৰতিৰ সময় হোৱাত সঞ্চালকগৰাকীয়ে ঘোষণা কৰিলে—‘এতিয়া অলপ Light lunch পৰিৱেশন কৰা হ’ব। Light lunch কথাটোক অসমীয়াত কি বুলি কোৱা যাব?’
দৰ্শকৰ মাজত থকা হীৰেন ভট্টাচাৰ্যই সকলোৱে শুনাকৈ ক’লে—‘লঘু লাঞ্ছনা হ’ব পাৰে চাগৈ।’
(গণনাট্য সংঘৰ সৌজন্যত আৰু দৈনিক জনমভুমি কাকতত প্ৰকাশিত)
(ইউনিকোড ৰূপান্তৰণ : মঞ্জিল কোঁৱৰ, এনাজৰী ডট কম)